পাকিস্তানী এজেণ্টক ছিমকাৰ্ড যোগান ধৰা চক্ৰ উৎখাত, নগাঁও-মৰিগাঁৱৰ পৰা ৫জনক আটক

নিউজ ডেস্ক, ৮ মাৰ্চঃ মৈৰাবাৰীৰ সৰুচলা গাঁৱত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)ৰ অভিযান।অভিযানত পাকিস্তানী এজেন্টৰ লগত লিংক থকাৰ সন্দেহত মৈৰাবাৰীৰ পৰা এজনক আটক।

পাকিস্তানী চোৰাংচোৱা সংস্থাক মোবাইলৰ OTP আৰু চিম কাৰ্ড যোগান ধৰাৰ অভিযোগত নগাঁও আৰু মৰিগাঁৱৰ পৰা ৫ জনকৈ লোকক আটক।

অভিযানত চোৰাংচোৱা এজেন্ট কেইটাৰ পৰা অভিযানকাৰী দলটোৱে ১৮ টা মোবাইল ফোন,দুটা লেপটপ,১৩৬ খন সক্ৰিয় চিম কাৰ্ড জব্দ কৰিছে বুলি জনা গৈছে।

মৈৰাবাৰীৰ সৰুচলা গাঁৱৰ পৰা আটক হোৱা এজেন্টটোৰ নাম বাহাৰুল ইছলাম। বাহাৰুল ইছলামে সৰুচলা বজাৰত মোবাইলৰ দোকান দি পাকিস্তানী এজেন্ট হিচাপে কাম কৰি আহিছিল বুলি সন্দেহ কৰা হৈছে।

আনহাতে, নগাঁৱৰ পৰা ক্ৰমে:আশ্বিকুল ইছলাম, বদৰ উদ্দীন, মিজানুৰ ৰহমান, ৱাহিদুজ জামানকো একেই অভিযোগত আটক কৰিছে NIA’ই।

ArrestAssamAssamese NewsDaily time axomIndiaMorigaonNagaonNIA
Comments (0)
Add Comment