চতিয়না পথাৰত শিক্ষক মোহন গগৈৰ কৰ্ম জীৱন ৰ বিদায় সম্বৰ্দ্ধনা


নুমলিগড়ৰ কাষৰীয়া কাৰ্বি আংলং জিলাৰ নিলীপ ব্লক ৰ অধীনস্থ ২নং চতিয়না প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মোহন গগৈৰ কৰ্ম জীৱনৰ পৰিসমাপ্তি ঘটে।
কৃতি শিক্ষক গৰাকী ক আজি বিদ্যালয়ৰ প্ৰাংগনত ৰাজহুৱা ভাবে বিদায় সম্বৰ্দ্ধনা জনাই স্থানীয় ৰাইজে। এক আবেগিক পৰিবেশত ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী ৰ লগতে স্থানীয় ৰাইজে নিজা বাসগৃহতৰ পৰা আদৰি আনে বিদ্যালয়লৈ।
ৰাজহুৱা সভাত কৰ্ম জীৱন ৰ পৰিসমাপ্তি চৰকাৰী নিৰ্দেশ মানি আনুষ্ঠানিক ভাৱে বিদায় ল’লেও ভবিষ্যতৰ দিনত ৰাজহুৱা ভাবে শৈক্ষিক জগতখনলৈ অবদান আগবঢ়াই যাব বুলি কয় সদ্য বিদায়ী শিক্ষক মোহন গগৈয়ে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment