ছত্তীশগড়ত মাওবাদীৰ সৈতে সংঘৰ্ষত আহত দুজন কোব্ৰা কমাণ্ডো

মাওবাদীৰ সৈতে সংঘৰ্ষত আহত দুজন কোব্ৰা কমাণ্ডো।

ছত্তীশগড়ৰ চুকমা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত আহত দুজন কমাণ্ডো। বৃহস্পতিবাৰে কোব্ৰা বাহিনীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি চুকমা জিলাৰ এখন গাঁৱত মাওবাদীক বিচাৰি উলিয়ায়। হঠাতে মাওবাদীয়ে সেনাবাহিনীক আক্ৰমণ কৰে। প্ৰায় এঘণ্টা ধৰি চলে দুয়োপক্ষৰ মাজত গুলীয়াগুলি। কমেও ২ জন কোব্ৰা কমাণ্ডোক গুলীবিদ্ধ হয়। কেইবাজনো মাওবাদীও আহত হয়।

সুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই কয় যে, মাওবাদীৰ সন্ধানত ডাব্বামাৰকা শিবিৰত এছটিএফ আৰু কোব্ৰা কমাণ্ডোৱে যৌথ অভিযান চলাইছিল। বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা সাক্লেৰ গাঁৱৰ সমীপত আৰম্ভ হয় গুলীয়াগুলি। এই এনকাউণ্টাৰত আহত হয় কোব্ৰা ফৰ্চৰ ২০২নং বেটেলিয়নৰ ইন্সপেক্টৰ মুনেশ কুমাৰ মীনা আৰু ২০৮নং বেটেলিয়নৰ কনিষ্টবল অমিত মডাক। কেইবাজনো মাওবাদী আহত হয় যদিও পলায়ন কৰে। কেইবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।এতিয়াও সেনাৰ যুটীয়া বাহিনীয়ে অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে।
আহত দুজন কমাণ্ডো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment