হাজোত কংগ্ৰেছৰ ‘হাথ সে হাথ জোড়ো’ অভিযান

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত হাজো ব্লক কংগ্ৰেছ কমিটীৰ সহযোগত আজি হাজো সমষ্টিৰ বামুন্দী, দামপুৰ , হালোগাও ,ক্ষেত্ৰী আদি অঞ্চলত কংগ্ৰেছৰ দলৰ ‘হাত চে হাত জোড়ো’ অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়।

এই কাৰ্যসূচীত দলীয় নেতা কৰ্মীসকলে সাধাৰণ ৰাইজৰ লগত মত বিনিময় কৰাৰ উপৰিও কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কন্যাকুমাৰীৰ পৰা কাশ্মিৰলৈ লাখ লাখ ভাৰতীয়ই তেওঁৰ সৈতে খোজত খোজ মিলাই ৩,৫০০ কি:মি: পদ যাত্ৰা কৰিছিল। এই ভাৰত জড়ো যাত্ৰাৰ জৰিয়তে দেশৰ যুৱক-যুৱতী কৰ্ম-সংস্থাপনহীনতা, মূল্যবৃদ্ধি, কৃষি খণ্ডৰ ভয়ংকৰ দুৰ্দশা, দেশৰপ কৰ্পৰেট গোষ্ঠীৰ সম্পূৰ্ণ দখল, কৃষকৰ উৎপাদিত সামগ্ৰী সঠিক মূল্য আদি সমস্যা ৰাইজক জনোৱাৰ লগতে বিভিন্ন কথা সম্বলিত এখন গোহাৰি পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰে। ইয়াৰ লগতে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰাত সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনায়। কংগ্ৰেছ নেতা ৰাহুৰ গান্ধীৰ এই যাত্ৰাৰ বাৰ্তা ঘৰে ঘৰে লৈ যাবলৈ ‘হাথ সে হাথ জড়ো’ কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাই । হাথ সে হাথ জড়োৰ বিভিন্ন কাৰ্যসূচী বিষয়ে অৱগত কৰাৰ লগতে বিজেপি চৰকাৰৰ সমালোচনা কৰে। ইয়াৰ পিছতে হাজো সমষ্টিৰ বিভিন্ন ঠাইত গোহাৰী পত্ৰ বিতৰণৰ সময়ত সাধাৰণ ৰাইজে বিভিন্ন সমস্যাৰ বিষয়ে কংগ্ৰেছ নেতা কৰ্মীসকলক অৱগত কৰে।ৰাইজৰ মাজত গোহাৰি পত্ৰ বিতৰণ সময়ত অনুষ্ঠিত সভাত উপস্হিত থাকে কামৰূপ জিলা কংগ্ৰেছ কমিতিৰ সভাপতি কংকণ দাস , অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য মুখপাত্ৰ ববিতা শৰ্মা , ৰাজীৱ গান্ধী পঞ্চায়তীৰাজ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপ্লৱ তালুকদাৰ , হাজো ব্লক কংগ্ৰেছৰ সভাপতি অজিত ঠাকুৰীয়া , জিলা কংগ্ৰেছৰ নেতা ভৱেশ দাস , কংগ্ৰেছ নেত্ৰী প্ৰনতি ফুকন , যুৱ নেতা চফিকুল ইছলাম , কিশোৰ কলিতা , গনেশ কলিতা , প্ৰভাত দাস, মাখন দাসকে ধৰিব বিভিন্ন বিষয় ববীয়া কংগ্ৰেছ নেতা-কৰ্মীকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

AssamDaily time axomGuwahatiIndiaNew DelhiWorld
Comments (0)
Add Comment