ৰাজনৈতিক নেতাই জনসাধাৰণৰ আগত বহু প্ৰতিশ্ৰুতি দিয়ে। নিৰ্বাচন আহিলেতো আৰু কথাই নাই। আহি যায় প্ৰতিশ্ৰুতিৰ বান। কিন্তু নিৰ্বাচন শেষ হ’লেই প্ৰতিশ্ৰুতি একাষৰীয়া হয়। কিন্তু ৰাইজৰ ভোটেৰে জয়ী হোৱাসকলে প্ৰতিশ্ৰুতি ভংগ কৰিলে ‘শাস্তি’ পায়নে? নাপায়। কিন্তু এই পৃথিৱীত এনে এখন দেশ আছে য’ত ৰাজনীতিবিদসকলকো প্ৰতিশ্ৰুতি ভংগ কৰাৰ বাবে ‘শাস্তি’ দিয়া হয়। সেই ঠাইখন হৈছে ইটালীৰ এখন সৰু চহৰ ট্ৰেণ্টো। এই চহৰত ৰাজনীতিবিদসকলক ‘শাস্তি’ দিয়া হয়। এই প্ৰথাক ‘টংকা’ বুলি কোৱা হয়। এই চহৰত যদি কোনো নেতা বা মন্ত্ৰীয়ে কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰে, তেন্তে সেই নেতা বা মন্ত্ৰীকনদীৰ মাজত নমাই থয় নগৰবাসীয়ে । তাৰ পিছত তেওঁক এটা ডাঙৰ পিঞ্জৰাত আবদ্ধ কৰি নদীৰ মাজত আধা ডুবাই ৰখা হয়। ইয়াৰ পিছত আকৌ তুলি অনা হয়।
নগৰবাসীয়ে দাবী কৰে যে নেতাজনে কিবা ভুল কৰা বুলি উপলব্ধি কৰিবলৈ এনে ‘শাস্তি’ দিয়া হয়। প্ৰতি বছৰৰ জুন মাহত নেতাসকলৰ বছৰজোৰা প্ৰতিশ্ৰুতিৰ প্ৰতি লক্ষ্য ৰখা হয়। তাৰ পিছত শাস্তি দিয়া হয়। ই এক প্ৰকাৰৰ ‘শাস্তিৰ উৎসৱ’। এই শাস্তি প্ৰতি বছৰে ২৬ জুনৰ আগৰ শেষ দেওবাৰে দিয়া হয়।