নিউজ ডেস্ক, ৯ মাৰ্চঃ বলীউডৰ জনপ্ৰিয় অভিনেতা সতীশ কৌশিকৰ মৃত্যু। ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতা, ছবি পৰিচালক, প্ৰযোজক, কমেডিয়ানগৰাকীৰ।
মৃত্যুৰ দুদিন পূৰ্বে সতীশে জাভেদ আখতাৰৰ ঘৰত হোলী উদযাপন কৰিছিল। লগতে ফটোও তেওঁ টুইটাৰত শ্বেয়াৰ কৰিছিল।
১৯৫৬ চনৰ ১৩ এপ্ৰিলত জন্মগ্ৰহণ কৰা সতীশ কৌশিক আছিল এজন অভিনেতা, পৰিচালক, প্ৰযোজক, কমেডিয়ান আৰু চিত্ৰনাট্যকাৰ।
ৰাম লখান, সাজন চালে সসুৰাল, জানে ভি দো ইয়াৰো আদি ছবিত অভিনয় কৰি শেখৰ কাপুৰৰ মিষ্টাৰ ইণ্ডিয়াত কেলেণ্ডাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।