Daily Time Axom

গীনিজ বুকত অসম চৰকাৰ, বীৰ লাচিত বৰফুকনক লৈ ৪২ লক্ষাধিকে লিখিলে ৰচনা

0 36

নিউজ ডেস্ক, ৯ মাৰ্চঃ অসমবাসীৰ বাবে ভাল খবৰ। প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ বিশ্ব অভিলেখ। ৰচনা প্ৰতিযোগিতাৰে বিশ্ব অভিলেখ গঢ়িলে ৰাজ্য চৰকাৰে। লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে আয়োজন কৰিছিল ৰচনা প্ৰতিযোগিতাৰ। য’ত অংশ লৈছিল ৫৭ লাখ প্ৰতিযোগীয়ে। বিশ্ব অভিলেখৰ বাবে বিবেচিত হয় ৪২.৯৪ লাখখন ৰচনা। অসমীয়াকে ধৰি অন্যান্য ৩০টা ভাষাত অংশগ্ৰহণ কৰিছিল প্ৰতিযোগীয়ে। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰা বিশ্ব অভিলেখৰ প্ৰমাণ-পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে।

Leave A Reply

Your email address will not be published.