Daily Time Axom

চাৰ্টৰ ভিতৰত লুকুৱাই আনিছিল ডেৰ কিলোগ্ৰাম সোণ! গ্ৰেপ্তাৰ হ’ল এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী

0 43

নিউজ ডেস্ক, ৯ মাৰ্চঃ চাৰ্টৰ ভিতৰত লুকুৱাই প্ৰায় ডেৰ কিলোগ্ৰাম সোণ সৰবৰাহৰ সময়তে বিমান বন্দৰত ধৰা পৰিল এয়াৰ ইণ্ডিয়াৰ এজন কেবিন ক্ৰু। শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰে কেৰালাৰ ৱায়ানাডৰ শ্বাফি নামৰ এয়াৰ ইণ্ডিয়াৰ কেবিন ক্ৰু জনক।

শুল্ক প্ৰতিৰোধে আয়ুক্ত বিভাগে গোপন খবৰৰ ভিত্তিত বিমান বন্দৰত তালাচী চলাই বিমান কৰ্মীজনৰ পৰা জব্দ কৰে ১৪৮৭ গ্ৰাম সোণ।

বিভাগটোৱে জনোৱা মতে, বাহৰেইন-কোজিকোড-কোচি সেৱাৰ কেবিন ক্ৰু জনে সোণ সৰবৰাহৰ গোপন তথ্য লাভ কৰাৰ পিছতে তালাচী চলোৱা হৈছিল।

Leave A Reply

Your email address will not be published.