নিউজ ডেস্ক, ৯ মাৰ্চঃ যোগীঘোপাৰ পাল্লীৰতল পালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড। যুৱকৰ ছুৰিকাঘাটত এজন নিহত, দুজন আহত।
যুৱকৰ ছুৰিকাঘাতত প্ৰাণ গ’ল তৰণ দাস নামৰ লোকজনৰ। আনহাতে আঘাতপ্ৰাপ্ত হয় ৰবীন চন্দ্ৰ শীল আৰু সাধন পাল নামৰ আন দুজন লোক। ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে কৃষ্ণ শীল নামৰ যুৱকজনৰ।
দৌলগোবিন্দ মন্দিৰত হোলীৰ পূজাত সংঘটিত হয় এই ঘটনা। পূজাস্থলীত অতৰ্কিতে উপস্থিত হৈছিল কৃষ্ণ শীল। মন্দিৰত প্ৰসাদ বিতৰণ কৰি থকাৰ সময়তে সৃষ্টি হৈছিল কাজিয়াৰ।