মৰ্মান্তিক! জন্মদিন উদযাপনৰ বাবে পিতৃৰ লগত বজাৰ কৰিবলৈ হোৱা কনমানিৰ নিঠৰ দেহ উদ্ধাৰ হ’ল পথাৰত

নিউজ ডেস্ক, ৯ মাৰ্চঃ জন্মদিনৰ দিনটোতে উদ্ধাৰ পিতৃৰ সৈতে যোৱা এবছৰীয়া কণমানিৰ মৃতদেহ। এতিয়াও সন্ধান নাই শিশুটিৰ পিতৃ শচীন বৰদলৈৰ। শিশুটিৰ মৃতদেহৰ কাষতে পোৱা গৈছে পিতৃৰ চাইকেল। গহপুৰৰ সোণালীবড়িত এই চাঞ্চল্যকৰ ঘটনা। পথাৰখনত পুৱাই গৰু দিবলৈ আহি গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ।

জন্মদিন উপলক্ষে ঘৰৰ পৰা শিশুটি দেউতাকৰ লগত ওলাই আহিছিল বজাৰ কৰিবলৈ বুলি। উক্ত সময়ৰ পৰা পিতা-পুত্ৰ সন্ধানহীন হৈ আছিল। ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয় শিশুটিৰ। শিশু পৰাগজ্যোতি বৰদলৈৰ পিতৃ শচীন বৰদলৈ সম্প্ৰতি সন্ধানহীন হৈ আছে।

AssamAssam PoliceAssamese NewsDaily time axomDeadbodyGohpurIndiaRecover
Comments (0)
Add Comment