অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত ইলিয়ানাই পৰিচালক অনুৰাগ বসুৰ বৰফী ছবিৰে বলীউডত ভৰি দিয়ে। আৰু এইবাৰ দক্ষিণৰ চলচ্চিত্ৰ জগতত তেওঁক নিষিদ্ধ কৰা হ’ল! হয়, এই খবৰ সমগ্ৰ তামিল উদ্যোগত বিয়পি পৰিছে।

হঠাতে ইলিয়ানাক কিয় নিষিদ্ধ কৰা হ’ল?
সূত্ৰৰ পৰা জানিব পৰা মতে, পাৰিশ্ৰমিক লাভ কৰাৰ পিছতো তামিল ছবিৰ শ্বুটিংৰ বাবে হাজিৰ হোৱা নাছিল ইলিয়ানা। বাৰে বাৰে যোগাযোগ কৰাৰ পিছতো ইলিয়ানাই গোটেই বিষয়টোক আওকাণ কৰিলে। ইলিয়ানাৰ অপেশাদাৰৰ দৰে অভিনয়ক গৰিহণা দি তামিল উদ্যোগত নিষেধাজ্ঞা আৰোপ কৰিছিল অভিনেত্ৰীগৰাকীক। যদিও এই খবৰ সমগ্ৰ উদ্যোগটোত বিয়পি পৰিছিল, তথাপিও ইলিয়ানাৰ পৰা কোনো সঁহাৰি পোৱা নাছিল।
শেহতীয়াকৈ ইলিয়ানাই হস্পিতালৰ বিচনাত পৰি থকা এখন ছবি শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীৰ শৰীৰত পানীৰ পৰিমাণ কমিছে। ফলত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে তেওঁ সুস্থিৰ হৈ আছে। সেইবাবেই অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ বন্ধুসকলে জানিবলৈ চেষ্টা কৰিছে যে ইলিয়ানাই সঁচাকৈ এই কাম কৰিছিল নেকি।