Daily Time Axom

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত “মহীয়সী বঁটা ২০২৩” প্ৰদান অনুষ্ঠান

0 40

বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “ৰত্নম”ৰ উদ্যোগত আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ সহযোগিতাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত “মহীয়সী বঁটা ২০২৩” প্ৰদান অনুষ্ঠানত আজি অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

আজিৰ এই অনুষ্ঠানত সাহিত্যিক হেমপ্ৰভা বড়া সোণোৱাল, হস্ত-তাঁত বস্ত্ৰ শিল্পী হেমন্তী দলে চুংক্ৰাং, লোকশিল্পী বৈজয়ন্তী নাথ তালুকদাৰ, চাহ বাগিচাত ড্ৰাগ্‌ছ-বাল্য বিবাহৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজ দিয়া সমাজসেৱী ভানু তাঁতী আৰু আশী বছৰতো উৎসৰ্গিত মনোভাৱেৰে নাৰ্ছিং সেৱা আগবঢ়োৱা স্নেহলতা এন চাংমাক বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ সমাজখনক আলোকৰ পথেৰে আগুৱাই নিবলৈ কৰা অক্লান্ত পৰিশ্ৰম আৰু সেৱাৰ মানসিকতাই এই সকল নাৰীৰ জীৱন আৰু কৰ্মৰাজিৰ বৈশিষ্ট্যতাক বিশেষ মাত্ৰা প্ৰদান কৰা প্ৰতিগৰাকী বঁটা প্ৰাপকৰ সুদীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সমাজলৈ ব্যতিক্ৰমী অৱদান আগবঢ়োৱা তথা প্ৰচাৰ বিমুখ মহিলাসকলক উলিয়াই আনি স্বীকৃতি তথা সম্বৰ্ধনা জনোৱা পদক্ষেপে মহিলাক সমাজৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ উৎসাহিত কৰি আহিছে৷ মহীয়সী বঁটাৰ জৰিয়তে নিজ নিজ কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলক স্বীকৃতি প্ৰদান কৰাৰ জৰিয়তে নাৰী সমাজেও যে সমাজৰ বিকাশৰ এক শক্তিশালী অংশীদাৰ সেই কথাও প্ৰতীয়মান কৰে।

অনুষ্ঠানত মোৰ সৈতে সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিধায়ক বলীন চেতিয়া, বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা, অসম ৰাজ্যিক মহিলা আয়োগৰ মাননীয়া অধ্যক্ষা ড° হেমপ্ৰভা বৰঠাকুৰৰ উপৰি ‘ৰত্নম’ৰ সভানেত্ৰী পাৰবীন হুছেইন আৰু সম্পাদিকা ববিতা শৰ্মাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.