নিউজ ডেস্ক, ১০ মাৰ্চঃ আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যপালৰ অভিভাষণেৰে ৯ বজাৰ পৰা আৰম্ভ হয় বাজেট অধিৱেশনৰ। প্ৰথমবাৰৰ বাবে বিধানসভাত অভিভাষণ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ। ১৬ মাৰ্চত বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে।
আজিৰে পৰা আৰম্ভ হোৱা এই বাজেট অধিৱেশন ৫ এপ্ৰিল পৰ্যন্ত চলিব। উল্লেখ্য যে, অধিৱেশনৰ আৰম্ভণিৰ পূৰ্বেই ৰন্ধন গেছৰ মূল্য বৃদ্ধিক লৈ বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক অখিল গগৈয়ে।