নিউজ ডেস্ক, ১০ মাৰ্চঃ চিকিৎসকৰ আজৱ কাণ্ড। বিসংগতি থকা ভৰিৰ পৰিৱৰ্তে সুস্থ ভৰিত অস্ত্ৰোপচাৰ। JMCHৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি দেৰগাঁৱৰ এটি শিশু।
জানিব পৰা মতে দেৰগাঁৱৰ এটি ৯ বছৰীয়া শিশুৰ সোঁ ভৰিখন কিছু অসুস্থ আছিলে । যাৰ বাবে বিগত বছৰৰ ডিচেম্বৰ মাহৰ পৰাই শিশুটি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।
ভৰিটো সুস্থ কৰিবৰ বাবে বৃহস্পতিবাৰে দিনত শিশুটিৰ ভৰিটোৰ অস্ত্ৰোপচাৰ কৰে ।কিন্তু চিকিৎসকে সোঁ ভৰিৰ পৰিৱৰ্তে বাওঁ ভৰিটোহে অস্ত্ৰোপচাৰ কৰে।