গহপুৰৰ শিশু হত্যাকাণ্ডৰ নতুন মোৰ ! পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰক

নিউজ ডেস্ক, ১০ মাৰ্চঃ গহপুৰৰ ১ বছৰীয়া শিশু হত্যাৰ ঘটনাৰ নতুন মোৰ। পিতৃৰ হাতত প্ৰাণ গ’ল এবছৰীয়া সন্তান পৰাগজ্যোতিৰ। শচীন বৰদলৈৰ বিৰুদ্ধে পুত্ৰক হত্যাৰ অভিযোগ পত্নী, গাঁওবাসীৰ। পুৱাই গহপুৰ আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰে শচীন বৰদলৈক।

পত্নীয়ে জানিবলৈ দিয়া মতে, হত্যাকাৰী শচীনে পূৰ্বেও কেইবাজনো লোকক হত্যা কৰাৰ ভাবুকি দিছিল। উল্লেখ্য যে, পিতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা পুত্ৰ পৰাগজ্যোতি বৰদলৈৰ বৃহস্পতিবাৰে এবছৰীয়া জন্মদিন আছিল। সেয়ে বুধবাৰে নিশা পিতৃৰ সৈতে বজাৰ কৰিবলৈ ওলাই গৈছিল। কিন্তু তেতিয়াৰ পৰা দুয়ো সন্ধানহীন হৈ থাকে আৰু পিছদিনা পুৱা গাঁৱৰ পথাৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়।

ArrestAssamAssamese NewsDaily time axomGohpurGohpur PoliceIndiaMurder
Comments (0)
Add Comment