Daily Time Axom

আজিৰ দিনটোতেই মুক্তি লাভ কৰিছিল প্রথম অসমীয়া চিনেমা ‘জয়মতী’

0 39

নিউজ ডেস্ক, ১০ মাৰ্চঃ আজিৰ দিনটোতেই জ্যোতিপ্ৰসাদ আগৰৱালৰ অমৰ সৃষ্টি জয়মতী ছবিয়েই মুক্তি লাভ কৰিছিল। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তিলাভ কৰিছিল প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’।

লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ ‘সতী জয়মতী’ নাটকৰ ওপৰত ভিত্তি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।

১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল শ্বুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাই সজাই লোৱা ”চিত্ৰবন” ষ্টুডিঅ’ত কৰা হৈছিল। ১৯৩৫ চনত ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়।

Leave A Reply

Your email address will not be published.