পেটৰ পৰা ওলাল এটা মদৰ বটল ! আচৰিত ডাক্তৰ

অস্ত্ৰোপচাৰৰ সময়ত পেটৰ পৰা মদৰ বটল এটা ওলাই আহিল লোক এজনৰ।

আচৰিত ডাক্তৰ। নেপালত সংঘটিত হৈছে এই ঘটনা।


জানিব পৰা মতে, ৰাউতহাট জিলাৰ গুজৰা পৌৰসভাৰ বাসিন্দা নুৰছাদ মনছুৰী (২৬) পেটৰ বিষৰ চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈছিল। ইয়াৰ পিছত চিকিৎসকে ব্যক্তিজনৰ শাৰীৰিক পৰীক্ষা কৰে। পিছত জানিব পাৰে যে ব্যক্তিজনৰ পেটত মদৰ বটল এটা আছে। আৰু সেইটোৱেই পেট বিষৰ কাৰণ। ইয়াৰ পিছতে স্থানীয় চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা সুৰাৰ বটলটো উলিয়াই দিয়া হয়।
ব্যক্তিজন এতিয়া সুস্থ। কিন্তু সুৰাৰ বটলটো মানুহজনৰ পেটৰ ভিতৰত কেনেকৈ সোমাই গ’ল তাৰ কোনো উত্তৰ নাই। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। পুলিচৰ প্ৰাৰম্ভিক ধাৰণাটো হ’ল নুৰছাদৰ বন্ধুসকলে হয়তো মদ্যপানৰ পাৰ্টিত এনে কাৰ্য সংঘটিত কৰিছিল। আৰক্ষীৰ মতে সুৰাৰ বটলটো সম্ভৱতঃ নুৰছাদৰ মলদ্বাৰৰ মাজেৰে সুমুৱাই দিয়া হৈছিল, কাৰণ তেওঁ বেছিকৈ মদ্যপান কৰিছিল। নুৰছাদৰ বন্ধুসকলক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে। লগতে শ্বেখ ছামিম নামৰ এজনক আটক কৰে আৰক্ষীয়ে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment