Daily Time Axom

জেললৈ যাবলৈ মন থকা বাবেই লুটপাত চলালে বেংকত

0 36

আমেৰিকাৰ ইউটা চহৰৰ বাসিন্দা ড’নাল্ড ছান্টাক্ৰ’চে জেললৈ যাবলৈকে স্বেচ্ছাই বেংকত ডকাইতি কৰিছিল।

৬ মাৰ্চৰ পুৱা ৬৫ বছৰীয়া ড’নাল্ড চান্টাক্ৰ’চে ইউটাৰ ছল্ট লেক চিটিৰ ওৱেলছ ফাৰ্গো বেংকলৈ গৈছিল। তালৈ গৈ বেংকৰ কৰ্মচাৰীৰ পৰা মাত্ৰ এটা মাৰ্কিন ডলাৰহে দাবী কৰিলে। খবৰ অনুসৰি ছান্টাক্ৰ’চে বেংকলৈ গৈ কৰ্মচাৰীসকলক এখন টোকা দিছিল। তাত লিখা আছিল, এই কাম কৰাৰ বাবে মোক ক্ষমা কৰিব। মোক এটা ডলাৰ দিয়ক কিন্তু আপুনি ইয়াক ডকাইতি বুলি ক’ব। বেংকৰ শ্ৰমিকসকলেও তেওঁৰ এই অদ্ভুত দাবী পূৰণ কৰিলে। ইয়াৰ পিছত অৱশ্যে কথাবোৰ বেলেগ ৰূপ ল’লে। বেংকৰ কৰ্মচাৰীয়ে তেওঁক এটা ডলাৰ লৈ যাবলৈ ক’লে। কিন্তু চান্টাক্ৰ’চে ক’লে, তেওঁ লৈ নাযায়। আনকি তেওঁ বেংকৰ কৰ্মচাৰীসকলকো ক’লে যে আপুনি বিষয়টো আৰক্ষীক খবৰ দিয়ক। এই কথা কৈ ছান্টাক্ৰ’চে বেংকৰ লবীত বহিল। পৰিস্থিতি দেখি বেংকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ ডকাইতিৰ অভিযোগত ছান্টাক্ৰ’চক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত তেওঁক ছল্ট লেক কাউন্টি মেট্ৰ’ জেললৈ লৈ যোৱা হয়। আৰক্ষীৰ জেৰাৰ সময়ত ছান্টাক্ৰ’চে পিছত স্বীকাৰ কৰে যে তেওঁ জেললৈ যাবলৈ হতাশ হৈ পৰিছিল। তেওঁৰ দাবী, যদি তেওঁক মুকলি কৰি দিয়া হয়, তেন্তে তেওঁ পুনৰ বেংকত লুটপাত কৰিব।

Leave A Reply

Your email address will not be published.