পূজাৰ বাবে “তেজ” বিক্ৰী কৰা হৈছে! এই ২৭ বছৰীয়া এগৰাকী মহিলাৰ ঋতুস্ৰাৱৰ তেজ। আৰু সেই তেজ আঘোৰী পূজাৰ আগতে প্ৰায় ৫০ হাজাৰ টকাত বিক্ৰী কৰা হৈছে। আচৰিত ? কিন্তু এই অদ্ভুত ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ইতিমধ্যে বীৰ জিলাত অৱস্থিত স্বামী আৰু শহুৰেকৰ ওপৰত মহিলাগৰাকীৰ হৈ এজাহাৰ দাখিল কৰিছে ৰাইজে।
মহিলাগৰাকীয়ে অভিযোগ কৰি কয় যে তেওঁৰ শহুৰেকে ঋতুস্ৰাৱৰ তেজ সংগ্ৰহৰ উদ্দেশ্যে তেওঁক বিভিন্ন সময়ত আৰু বিভিন্ন ধৰণে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছে। ২০১৯ চনৰ পৰাই তেওঁৰ ওপৰত এই নৃশংস ঘটনা সংঘটিত হৈ আহিছে। মহিলাগৰাকীয়ে লগতে কয় যে ২০২২ চনত গণেশ উৎসৱৰ সময়ত আঘোৰী পূজাৰ বাবে ঋতুস্ৰাৱৰ তেজ বলপূৰ্বকভাৱে বিক্ৰী কৰা হৈছিল। নিৰ্যাতনৰ মাত্ৰা বাঢ়ি অহাৰ লগে লগে মহিলাগৰাকী পুনেৰ পিতৃৰ ঘৰলৈ গুচি যায়।
সূত্ৰ অনুসৰি, সাতজন অভিযুক্তৰ বিৰুদ্ধে ৩৭৭ (অস্বাভাৱিক অপৰাধ), ৩৫৪(এ) (যৌন নিৰ্যাতন), ৪৯৮(এ) (মহিলাৰ ওপৰত নিষ্ঠুৰতা), ৫০৪ (শান্তি বিঘ্নিত কৰাৰ উদ্দেশ্যেৰে ইচ্ছাকৃতভাৱে অপমান), ৩২৩ ধাৰাত (স্বেচ্ছাই আঘাত কৰা) গোচৰ ৰুজু কৰা হৈছে ভাৰতীয় দণ্ডবিধিৰ অধীনত।আই পি চিৰ ৩৪ নং ধাৰাত গোচৰো ৰুজু কৰা হৈছে। মহাৰাষ্ট্ৰ বিলোপ আৰু মানৱ বলি প্ৰতিৰোধ আইন, আঘোৰী প্ৰথা আৰু ক’লা যাদু আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।