নিউজ ডেস্ক, ১১ মাৰ্চঃ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বাৰিষাৰ পূৰ্বেই সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ বাহিনী নৈৰ ওপৰত থকা মুঠ ২৬ খনকৈ দলং ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
এই দলংসমূহে বাহিনী নৈৰ পানী ভেটা দি কৃত্ৰিম বানত অৰিহণা যোগাই আছিল। সেয়েহে গুৱাহাটী পৌৰ নিগমে চিহ্নিত কৰা এই ২৬ খন দলং ভাঙি কৃত্ৰিম বান ৰোধৰ বাবে প্ৰচেষ্টা চলাইছে।
ইতিমধ্যে মহানগৰীৰ নল, নৰ্দমাবোৰো পৰিস্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন প্ৰান্তৰ নলা, নৰ্দমা খান্দি তাৰ ভিতৰত আৱদ্ধ হৈ থকা আৱৰ্জনাসমূহ উলিয়াই অনা হৈছে।