Daily Time Axom

H3N2ত আক্ৰান্ত হৈ দেশত দুগৰাকী ৰোগীৰ মৃত্যু

0 41

নিউজ ডেস্ক, ১১ মাৰ্চঃ H3N2ত আক্ৰান্ত হৈ দেশত দুগৰাকী ৰোগীৰ মৃত্যু। কৰ্ণাটক আৰু হাৰিয়ানাত একোগৰাকীকৈ ৰোগীৰ মৃত্যু। H3N2 ভাইৰাছৰ সংক্ৰমণৰ হাৰক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ। দিল্লীত স্বাস্থ্য মন্ত্ৰালয়ৰ জৰুৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। লগতে সকলো ৰাজ্যৰ চৰকাৰক সতৰ্ক হৈ থকাৰো আহ্বান জনায়।

H3N2 ভাইৰাছ বিগত ছমাহৰ ভিতৰতেই সংক্ৰামক ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰিছে চিকিৎসকে। এই ভাইৰাছ বিধৰ নাম দিয়া হংকং ফ্লু। এই ভাইৰাছে শ্বাসনলীৰ লগতে হাওঁফাওঁতো প্ৰভাৱ পেলায়।

Leave A Reply

Your email address will not be published.