মাকক হেৰুৱালে মাধুৰীয়ে ,স্নেহলতা দীক্ষিতৰ নব্বৈ বছৰ বয়সত মৃত্যু

মাধুৰী দীক্ষিতে হেৰুৱালে মাকক। দেওবাৰে পুৱা স্নেহলতা দীক্ষিতৰ মৃত্যু হয়।

যোৱা বছৰৰ জুন মাহত মাধুৰীয়ে মাকৰ ৯০ সংখ্যক জন্মদিন পালন কৰিছিল। সেই সময়ত তেওঁ ছবিখন পোষ্ট কৰি লিখিছিল, “হেপি বাৰ্থডে আই (মাকক মহাৰাষ্ট্ৰত আই বুলি কোৱা হয়)। কোৱা হয় যে মাতৃসকল ছোৱালীৰ প্ৰিয় বন্ধু। ঠিকেই কৈছে। গোটেই জীৱনত প্ৰতিটো খোজতে তুমি মোক যি শিক্ষা দিলা সেয়া মোৰ বাবে জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। আপোনি বহুত সুস্থ হোৱাটো কামনা কৰিলোঁ।”

মাধুৰীয়ে ১৯৮৪ চনত ‘আবোধ’ চিনেমাখনৰ জৰিয়তে হিন্দী চিনেমাৰ জগতখনত যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পাছত এখনৰ পাছত এখন চিনেমাৰ জৰিয়তে বলীউডৰ ডান্সিং ডিভা হিচাপে দৰ্শকৰ হৃদয়ত স্থান দখল কৰে। ১৯৯৯ চনত মাধুৰীয়ে প্ৰবাসী ভাৰতীয় চিকিৎসক শ্ৰীৰাম নেনেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

শাহুৱেকৰ লগত ডাঃৰ ভাল সম্পৰ্ক আছিল। নেনেৰ কিছুদিন আগতে তেওঁ দুটা মগৰ ছবি শ্বেয়াৰ কৰি লিখিছিল, “মোৰ নব্বৈ বছৰীয়া শাহুৱেকে আঁকিছে। তেওঁ ভালকৈ দেখা নাপায়। কিন্তু মনৰ পৰা যি সৃষ্টি কৰে সেয়া নিৰ্দোষ। এজন বৰ ভাল আৰু ইতিবাচক ব্যক্তি।”

Assamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment