মোৰ মৰিবলৈ মন যোৱা নাই! কিন্তু… মৃত্যুৰ আগতে মেনেজাৰক কি কৈছিল সতীশে?

বলীউডে এতিয়াও সহ্য কৰিব পৰা নাই শোক। ইফালে অভিনেতাজনৰ মেনেজাৰে ৮ মাৰ্চৰ নিশাৰ ঘটনা সন্দৰ্ভত প্ৰকাশ কৰিছে বহু কথা। শেহতীয়াকৈ এক সাক্ষাৎকাৰত সতীশৰ মেনেজাৰ সন্তোষে এই মৰ্মান্তিক ঘটনাৰ বিষয়ে কয়।প্ৰবীণ অভিনেতা-পৰিচালক সতীশ কৌশিক ৬৬ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। তাৰ মাত্ৰ ডেৰ দিন আগতে সতীশে হোলী খেলিছিল। যোৱা ৭ মাৰ্চত জুহুৰ জাংকি কটেজত বলীউডৰ অন্যান্য তাৰকাৰ সৈতে পাৰ্টি কৰিছিল অভিনেতাগৰাকীয়ে। তেওঁ নিজেই ছচিয়েল মিডিয়াত নিজৰ ছবি পোষ্ট কৰিছিল। তাৰ এদিন পিছতে দিল্লীৰ এখন চলন্ত গাড়ীত শেষ উশাহ লয়।

হস্পিতাললৈ যাওঁতে গাড়ীত উশাহ লোৱাত অসুবিধা হৈছিল সতীশৰ। সতীশে সন্তোষৰ কান্ধত মূৰটো থয় । বাচিবলৈ ইমানেই আশা কৰিছিল যে অভিনেতাজনে বাৰে বাৰে ড্ৰাইভাৰক কৈছিল, ‘মোক হস্পিতাললৈ লৈ ব’লা।’ হোলীৰ বাবে ৰাস্তা খালী হোৱা বাবে মাত্ৰ ৮ মিনিটতে তেওঁলোক চিকিৎসালয় পাইছিল। কিন্তু তেতিয়ালৈকে সতীশৰ চেতনা হেৰাই গৈছিল।

মেনেজাৰৰ কান্ধত মূৰটো থৈ সতীশে মৃত্যুৰ আগেয়ে কৈছিল, “সন্তোছ, মই মৰিব নিবিচাৰো। মই বংশিকা (ছোৱালী)ৰ বাবে জীয়াই থাকিব বিচাৰো। কিন্তু যেন মই জীয়াই নাথাকিম। শশী (পত্নী) আৰু বংশিকাৰ যত্ন ল’বা।” সতীশে কেতিয়া শেষ উশাহ ল’লে সন্তোষে ধৰিবই নোৱাৰিলে। কিন্তু তেওঁ উপলব্ধি কৰিলে যে অভিনেতাজনে আৰু কোনো সঁহাৰি নিদিয়ে। তেওঁ কেইবাবাৰো জগাবলৈ চেষ্টা কৰিলে। কিন্তু কোনো সঁহাৰি নাপালে।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment