Daily Time Axom

অভিযুক্তই মহিলাক টুকুৰা টুকুৰ কৰি কাটি পেলালে, ফাঁচীৰ দাবীত উতপ্ত কাশ্মীৰ

0 35

এসপ্তাহ পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে জম্মু-কাশ্মীৰৰ বুডগাম জিলাৰ পৰা।

আৰক্ষীয়ে উদ্ধাৰ কৰে অংগচ্ছেদ কৰা মৃতদেহটো। তেতিয়াৰ পৰাই অঞ্চলটোত ব্যাপক প্ৰতিবাদ বিয়পি পৰিছে। আৰক্ষীৰ মতে, অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। শ্ববিৰ আহমেদ নামৰ এজন কাঠমিস্ত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জনা যায় যে মহিলাগৰাকী তেওঁৰ চিনাকি আছিল। অপহৰণ কৰি হত্যা কৰাৰ পিছত মৃতদেহটো টুকুৰা টুকুৰ কৰি কাটি বিভিন্ন ঠাইত পেলাই দিয়ে। সেইদিনা অভিযুক্তৰ ঘৰৰ বাহিৰত সমবেত হৈ তেওঁক ফাঁচী দিয়াৰ দাবীত শ শ লোকৰ সমাগম ঘটে। সাধাৰণ ৰাইজে যাতে শাস্তি প্ৰদান কৰিব পাৰে তাৰ বাবে অভিযুক্তক তেওঁলোকৰ হাতত গতাই দিব লাগে বুলি প্ৰতিবাদকাৰীসকলে দাবী জনায়। আৰক্ষীৰ সূত্ৰ অনুসৰি মহিলাগৰাকীয়ে শেহতীয়াকৈ বাগ্দান কৰিছিল যিটো শ্বাবিৰে মানি ল’ব পৰা নাছিল। খঙতে তেওঁ এই কাম কৰিছিল।

Leave A Reply

Your email address will not be published.