এয়াৰ ইণ্ডিয়া পুনৰ শিৰোনামত।
আকাশৰ মাজভাগত আকৌ এটি ঘটনা। বিমানত বহি ধূমপান কৰি সহযাত্ৰীৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন আমেৰিকান যুৱক।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা। ভাৰতীয় মূলৰ আমেৰিকান নাগৰিকগৰাকীয়ে লণ্ডনৰ পৰা মুম্বাইলৈ যোৱা বিমানৰ বাথৰুমত বহি ধূমপান কৰিছিল। যিটো বিমানত একেবাৰে নিষিদ্ধ। বাথৰুমৰ সন্মুখত আবিৰ্ভাৱ হয় বিমানৰ কৰ্মচাৰীসকল। ৰমাকান্ত নামৰ যুৱকজনৰ হাতৰ পৰা চিগাৰেটটো কাঢ়ি লৈ যোৱাত তেওঁৰ খং উঠে। বিমান কৰ্মচাৰীৰ সৈতে চৰম অসৎ আচৰণত লিপ্ত হয়।
কিছু সময়ৰ পাছত ৰমাকান্তই জোৰকৈ বিমানৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰাত বিমানখনৰ আন যাত্ৰীসকলৰ মাজত ক্ষন্তেকতে আতংক বিয়পি পৰে। পাছত সহযাত্ৰীসকলৰ লগতো অভদ্ৰ আচৰণ কৰিবলৈ ধৰে তেওঁ। অৱশেষত তেওঁক বিমানৰ কৰ্মচাৰীয়ে হাত-ভৰি বান্ধি চিটত বহুৱাই দিয়ে।
বিমানখন মুম্বাইত অৱতৰণ কৰাৰ পিছতে ৰমাকান্তক গ্ৰেপ্তাৰ কৰা হয়। যুৱকজনৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি মুম্বাই চহৰ থানাই জানিবলৈ দিয়ে।