Daily Time Axom

নুমলীগড়ত নাৰী দিৱসৰ লগত সংগতি ৰাখি মহিলা সকলৰ মাজত প্ৰতিযোগিতা

0 50

নুমলীগড়ৰ কাষৰীয়া বকিয়াল চাহ বাগিচাত বকিয়াল বাগান সামূহিক উন্নয়ন সভা(CDPO),বকিয়াল আঞ্চলিক সমূহ মহিলা গোট আৰু স্হানীয় ৰাইজৰ সহযোগত নাৰী দিৱসৰ লগত সংগতি ৰাখি পুষ্টিকৰ আহাৰ প্ৰস্তুতকৰণৰ প্ৰতিযোগিতা,মহিলা সকলৰ মাজত সংগীত চকী,টেকেলি ভঙা আৰু শিশু সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ।

উক্ত অনুষ্ঠানটিৰ বাবে ইঠিকেল টি পাৰ্টনাৰচিপ(ETP),গ্লবেল এলাইনচ ফৰ ইমপ্ৰোভ নিউট্ৰেচন (GAIN) আদি প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াই । আৰু বাগিচা অঞ্চলৰ মহিলা সকলৰ মাজত উক্ত অনুষ্ঠানৰ সংগতি ৰাখি স্বচ্ছভাৰত অভিযানৰ সজাগতাও কৰা দেখা যায়।

নুমলীগড়ৰ পৰা আমাৰ সাংবাদিক দিপক শইকীয়াৰ প্ৰতিবেদন।

Leave A Reply

Your email address will not be published.