Daily Time Axom

মগজুৰ শক্তি ১০ গুণ বৃদ্ধি কৰিব বিচাৰেনে? এই যাদুকৰী নিয়ম মানি চলক

0 42

দিনক দিনে মোবাইল বা ইণ্টাৰনেটৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা বাঢ়িছে। আমি আমাৰ মগজুক এতিয়া সৰু সৰু কথাবোৰ মনত ৰাখিবলৈকো ব্যৱহাৰ নকৰো। তাৰ পৰিৱৰ্তে সহজেই ইণ্টাৰনেট ব্যৱহাৰ কৰো। এই বেয়া অভ্যাসে মগজুৰ কাৰ্য্যক্ষমতা হ্ৰাস কৰাৰ প্ৰৱণতা আনে । সৰুৰে পৰা আমাৰ পাহৰি যোৱা বা মনত ৰখাৰ প্ৰৱণতা থাকে। এই পৰিস্থিতিত কিছুমান উত্তম কৌশল গ্ৰহণ কৰি মগজুৰ শক্তি বৃদ্ধি কৰিব পাৰি।

হেল্থলাইনৰ মতে, ৱৰ্কআউট কৰিলে মগজু শক্তিশালী হৈ থাকে। নিয়মীয়া যোগাসন বা ব্যায়ামে স্মৃতিশক্তি বৃদ্ধি কৰে। কেৱল সেয়াই নহয়, মগজুৰ শক্তিও বৃদ্ধি পায়।

মগজুৰ কাৰ্য্যক্ষমতাৰ বাবে পৰ্যাপ্ত টোপনি অতি প্ৰয়োজনীয়। ভালদৰে শুলে মগজুৰ স্মৃতিশক্তি বাঢ়ি যায়। মগজু সুস্থ কৰি ৰাখিবলৈ টোপনিৰ অতি প্ৰয়োজনীয়।

শৰীৰৰ লগতে মগজু সুস্থ আৰু সক্ৰিয় কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্য খাব লাগে। নিয়মীয়া খাদ্যত ভিটামিন, খনিজ পদাৰ্থৰ লগতে ওমেগা ৩ ফেটি এচিড আদি সেৱন কৰি মগজুক স্মাৰ্ট কৰি তুলিব লাগে।

ঘণ্টাৰ পিছত ঘণ্টা মোবাইল বা লেপটপৰ মাজত কটোৱাতকৈ ভাল কিতাপ কিছুমান কিনি পঢ়ি নিজৰ বুদ্ধিমত্তা বৃদ্ধি কৰা ভাল। ই মানসিক চাপ আৰু হতাশা দূৰ কৰে আৰু যুক্তিৰ শক্তি বৃদ্ধি কৰিব।

অস্বীকাৰ: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে, গতিকে সবিশেষৰ বাবে সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Leave A Reply

Your email address will not be published.