ভাৰতত অনলাইনত ঔষধ বিক্ৰী বন্ধ হ’ব নেকি ?

ফাৰ্মাচীলৈ নোযোৱাকৈয়ে এতিয়া জৰুৰী অৱস্থাত ঘৰতে প্ৰয়োজনীয় ঔষধ পোৱা যায়। ঔষধৰ উপৰিও বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সেৱাও ৱেবছাইটসমূহৰ পৰা উপলব্ধ। কিন্তু এইবাৰ হয়তো সেই সুবিধাবোৰ ভাৰতত বন্ধ হ’বলৈ গৈ আছে। কেন্দ্ৰীয় চৰকাৰে ই-ফাৰ্মাচী বন্ধ কৰাৰ পথত।

শেহতীয়াকৈ ভাৰতৰ কেইবাজনো কেন্দ্রীয় মন্ত্রীয়ে অনলাইনত ঔষধ বিক্রী কৰাত আপত্তি প্রকাশ কৰিছিল৷ ইতিমধ্যে ভাৰতৰ ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেলে টাটা ১এমজি, আমাজন, ফ্লিপকাৰ্ট, নেটমেডছ, মেডিবাডী, ফ্ৰাংকছ, এপ’ল’কে ধৰি ২০টা ই-কমাৰ্চ চাইটলৈ কাৰণ দেখুৱাই জাননী জাৰি কৰিছে।

কিন্তু এই ই-কমাৰ্চ প্লেটফৰ্মসমূহক কিয় জাননী দিয়া হৈছে?

জনা যায় যে অনলাইনত ঔষধ বিক্ৰীৰ বাবে কোনো সুকীয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই। ফলত ঔষধৰ গুণগত মানক লৈ প্ৰশ্নটো আহিছে। যিটো গ্ৰাহকৰ বাবে বিপদজনক হ’ব পাৰে। এনে ৰিস্ক কেনেকৈ লোৱা হৈছে, সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে জাননীখনত।

ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়েও কৈছে যে সেই ঔষধসমূহ অনলাইনতো বিক্ৰী কৰা হয়, যিবোৰ চিকিৎসকৰ উপযুক্ত প্ৰেছক্ৰিপচন অবিহনে মুকলি বজাৰত উপলব্ধ নহয়। অৰ্থাৎ এই ই-কমাৰ্চ চাইটসমূহে অসংগঠিতভাৱে আৰু নিয়মৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায় চলাই আছে। কেৱল সেয়াই নহয়, অনুজ্ঞাপত্ৰ অবিহনেও বিক্ৰী কৰা হৈছে। অনলাইন মেডিচিন ব্যৱসায় কৰিবলৈ সঠিক প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগিব।

এজন বিশেষজ্ঞৰ মতে, সেই ক্ষেত্ৰত ই-ফাৰ্মাচীত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত শুদ্ধ হ’ব। কেইবছৰমানৰ পিছত ই পুনৰ নিয়ম মানি চলিবলৈ আৰম্ভ কৰিব পাৰে।

AssamAssamese NewsGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment