ছিলিকন ভেলীৰ পিছতো চিগনেচাৰ বেংকৰো একে ভাগ্যৰ সন্মুখীন হ’বলগীয়া হৈছিল। এনে পৰিস্থিতিত এইচ এছ বি চি বেংকে ছিলিকন ভেলী বেংকৰ ইউ কে শাখাটো মাত্ৰ ৯৯ টকাত ক্ৰয় কৰিছিল। সোমবাৰে এই ঘোষণা কৰে এইচ এছ বি চি বেংক আৰু ব্ৰিটিছ চৰকাৰে। জনা যায় যে বেংক অৱ ইংলেণ্ড আৰু ট্ৰেজাৰীৰ সৈতে আলোচনাৰ অন্তত এইচ এছ বি চি বেংকে সকলো নিয়ম মানি ছিলিকন ভেলী বেংকৰ ইউ কে শাখাৰ মালিকীস্বত্ব লাভ কৰে। গ্ৰাহকে সংগ্ৰহ কৰা ধন বেংকত সুৰক্ষিত বুলিও ঘোষণা কৰা হৈছে।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সৈতে আলোচনাৰ অন্ততহে মালিকীস্বত্বৰ বিষয়টো স্পষ্ট হৈ পৰে। ব্ৰিটেইনৰ বিত্তমন্ত্ৰী জেৰেমি হাণ্টে কয় যে ৰাজহুৱা ধনৰ কোনো লেনদেন হোৱা নাই। আৰু গ্ৰাহকৰ সংগ্ৰহ কৰা সকলো ধন সুৰক্ষিত।
প্ৰসংগক্ৰমে চৰকাৰে সংগ্ৰহ কৰা ধন আৰু চিলিকন ভেলী বেংকৰ দৰে চিগনেচাৰ বেংকৰ সকলো নথি-পত্ৰ অধিগ্ৰহণ কৰিছে। ১০ মাৰ্চত বন্ধ হৈছিল ছিলিকন ভেলী বেংক। আৰু ১২ মাৰ্চত নিউয়ৰ্কৰ চিগনেচাৰ বেংক বন্ধ হৈ গ’ল। অৱশ্যে ১৩ মাৰ্চৰ পৰা ছিলিকন ভেলী বেংকৰ মুখ্য কাৰ্যালয় আৰু সকলো শাখা মুকলি কৰা হৈছে। এই পৰিস্থিতিত এইচ এছ বি চি বেংকে ছিলিকন ভেলী বেংকৰ ইউ কে শাখাৰ মালিকীস্বত্ব লাভ কৰে।