Daily Time Axom

ৰাখীয়ে মুকলিকৈ চুমা খালে উৰ্ফিক

0 37

বিতৰ্কৰ আন এটা নাম ৰাখী সাৱন্ত! শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ বিবাহ, ধৰ্মান্তৰকৰণ আৰু স্বামীৰ সৈতে আইনী যুঁজৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। লগতে শুনা যায় যে ৰাখীয়ে স্বামী আদিল খান দুৰানীক জেললৈ পঠিয়াই জীৱনটো উপভোগ কৰি আছে। আনকি হঠাৎ উৰ্ফি জাভেদৰ দৰে সাজ-পোছাক পিন্ধিছে ৰাখীয়েও। উৰ্ফিৰ সৈতে অভিনেত্ৰীগৰাকীৰ সম্পৰ্কও অধিক সুদৃঢ় হৈছে। ইয়াৰ মাজতে একেখন পাৰ্টিতে ধৰা পৰিল দুয়োকে। ফটোগ্ৰাফাৰসকলেও এই মুহূৰ্তৰ বাবেই অপেক্ষা কৰি আছিল। পাৰ্টিত ৰাখীয়ে উৰ্ফিৰ গালত চুমা খায়, যিটো ভিডিঅ’ত ধৰা পৰে।

উৰ্ফীয়ে এতিয়া কেৱল আনৰ পাৰ্টিলৈ নাযায়, মাজে মাজে পাৰ্টিও দিয়ে। মৰমৰ বন্ধু-বান্ধৱী আৰু বলীউডৰ তাৰকাক নিমন্ত্ৰণ কৰে। তেনে এটা পাৰ্টিত নাচ গান, খানাপিনাৰ ছবিবোৰেই জনসাধাৰণৰ মাজলৈ আহিছে। দেখা গ’ল ৰাখী আৰু উৰ্ফিৰ যোৰা। ফটোগ্ৰাফাৰসকলক একেলগে পোজ দিবলৈ কোৱাৰ সময়ত ৰাখীয়ে উৰ্ফীক চুমা খায়। দুয়ো বাৰে বাৰে বিভিন্ন বিতৰ্কত শিৰোনামত থাকে।এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Leave A Reply

Your email address will not be published.