Daily Time Axom

উত্তৰ গুৱাহাটী দিহিং সত্ৰত অনুষ্ঠিত দৌল উৎসৱৰ সামৰণি

0 26

উত্তৰ গুৱাহাটী দিহিং সত্ৰৰ সাদিনীয়া দৌল উৎসৱৰ দেওবাৰে পৰিল সামৰণি । দৌল গোবিন্দৰ দৌল উৎসৱৰ পাঁচ দিনত গুৰু গোলোক নাথৰ ঘৰলৈ সদলবলে গৈ সেৱা সুশ্ৰুষা কৰে । দিহিং সত্ৰৰ গুৰু গোলোক নাথৰ ঘৰলৈ গৈ দৌল গোবিন্দই গুৰুক সপ্তম দিনত ৰজাদুৱাৰলৈ নিমন্ত্ৰণ জনায় । নিমন্ত্ৰণমৰ্মে গোলোক নাথ প্ৰভুৱে বেনপাৰ্টি ৰাইজ সমন্নিতে সপ্তম দিনত দৌল গোবিন্দৰ আতিথ্য গ্ৰহণ কৰে আৰু দৌল গোবিন্দ – গোলোক নাথক ঢোলে দগৰে ৰাইছে ফাঁকু খেলি বছৰলৈ বিদায় জনায় । সাতাম”পুৰুষীয়া ধৰ্মীয় পৰম্পৰাই আজিও উত্তৰ গুৱাহাটীৰ লোক সকলক একত্ৰিত কৰি ৰাখিছে ।

Leave A Reply

Your email address will not be published.