নিউজ ডেস্ক, ১৩ মাৰ্চঃ ৩০ মাৰ্চত অনুষ্ঠিত হ’ব মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। ছেবা কৰ্তৃপক্ষই ঘোষণা কৰিলে পৰীক্ষাৰ নতুন দিন। টুইটযোগে সদৰী কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা৷ কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে মাজনিশা বাতিল কৰা হৈছিল এই পৰীক্ষা৷
তাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয় । শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীও প্ৰত্যক্ষ কৰা হয় বহু ঠাইত ।