৯৫ সংখ্যক অস্কাৰত জিলিকিল ভাৰত,‘নাটু নাটু’ গীত আৰু তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’লৈ অস্কাৰ বঁটা

নিউজ ডেস্ক, ১৩ মাৰ্চঃ ৯৫ সংখ্যক অস্কাৰত জিলিকিল ভাৰত। ইতিহাস সৃষ্টি কৰি একাডেমী এৱাৰ্ডছৰ শ্ৰেষ্ঠ মৌলিক গীত শিতানত RRRৰ নাটু নাটু গীতে আজুৰিলে অস্কাৰ। আনহাতে চুটি তথ্যচিত্ৰ শিতানত অস্কাৰ জিনিলে দ্য এলিফেণ্ট হুইছপাৰাৰ্ছে। কাৰ্টিকি গনজালভেজ আৰু গুনীত মংগাই পৰিচালনা কৰা এই তথ্যচিত্ৰখনে গৌৰৱ কঢ়িয়ালে ভাৰতলৈ।

মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰা বোলছবিখনৰ নাটু নাটু শীৰ্ষক গানটিয়ে ইয়াৰ পূৰ্বে লাভ কৰিবলৈ সক্ষম হৈছিল গোল্ডেন গ্লোৱ, ২০২৩ বঁটাও । তাৰ পাছতেই অস্কাৰৰ দৌৰত এক শক্তিশালী স্থিতি লাভ কৰে গানটোৱে।

দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ তথ্য চিত্ৰখনত দক্ষিণ ভাৰতৰ এহাল দম্পত্তীয়ে এটি ঘাট মাউৰা হাতী পোৱালিক তুলি তালি নিজৰ সন্তানৰ দৰে ডাঙৰ-দীঘল কৰাৰ কাহিনীৰে আগবাঢ়িছিল। এই শিতানত প্ৰথমবাৰৰ বাবে ভাৰতে লাভ কৰিলে এই সাফল্য।

Assamese NewsDaily time axomIndiaInternationalOscar AwardRRRThe Elephant WhisperersWin
Comments (0)
Add Comment