মহানগৰীৰ দক্ষিণগাঁৱত বিধ্বংসী অগ্নিকাণ্ড, নিৰ্মীয়মাণ ৯ মহলীয়া অট্টালিকাৰ ওপৰৰ অংশত জুই

নিউজ ডেস্ক, ১৩ মাৰ্চঃ মহানগৰীৰ দক্ষিণগাঁৱত বিধ্বংসী অগ্নিকাণ্ড। নিৰ্মীয়মাণ ৯ মহলীয়া অট্টালিকাৰ ওপৰৰ অংশত জুই। অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক। শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । অমান কনষ্ট্ৰাকশ্যনৰ অধীনত চলি আছিল নিৰ্মাণকাৰ্য। প্ৰায় ২ ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপণ অগ্নিনিৰ্বাপক বাহিনীৰ।

চাটাৰিঙৰ কাম চলি আছিল অট্টালিকাটোত। ৯খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন। প্রায় ৪০জনকৈ বনুৱাই কাম কৰি আছিল অট্টালিকাটোত। নিশা প্রায় ১০ বজালৈকে কাম কৰি আছিল বনুৱাই। নিৰ্মীয়মান অট্টালিকাটো বদৰুদ্দিন আজমলৰ বুলি জানিব পৰা গৈছে।

AssamAssamese NewsBurntDaily time axomGuwahatiIndiaMassive fire
Comments (0)
Add Comment