বাতিল হ’ল বিজ্ঞানৰ পৰীক্ষা, মাজনিশা এই ঘোষণা ছেবাৰ

নিউজ ডেস্ক, ১৩ মাৰ্চঃ বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা। ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত আগতীয়াকৈ ভাইৰেল হোৱাৰ পাছতেই ছেবাৰ এই ঘোষণা। আজি অনুষ্ঠিত হোৱাৰ কথা আছিল বিজ্ঞানৰ পৰীক্ষা।

এই সন্দৰ্ভত ছেবাই ঘোষণা কৰা অনুসৰি, ৰবিবাৰে সন্ধিয়াৰ পৰা এখনি হাতে লিখা প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । গতিকে শিক্ষাৰ্থীসকল যাতে দিশহাৰা হৈ নপৰে তাৰ বাবে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অতি সোনকালেই ছেবাই বিজ্ঞানৰ পৰীক্ষাৰ বাবে পৰৱৰ্তী দিন ঘোষণা কৰিব বুলিও জনোৱা হয় ।

AssamAssamese NewsDaily time axomGuwahatiIndiaRanoj PeguSEBA
Comments (0)
Add Comment