নিউজ ডেস্ক, ১৪ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ অসম আৰক্ষী। ঘটনা সন্দৰ্ভত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইপৰ্যন্ত ২২জনক আটক। গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়া আদি ঠাইত অভিযান চলাই আটক কৰিছে আটাইকেইজনক। টুইটাৰৰ জৰিয়তে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সদৰী কৰিলে এই তথ্য।
জানিব পৰা মতে এইসকল শিক্ষাৰ্থীয়ে হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন কাকত লাভ কৰিছিল। ইফালে গুৱাহাটীৰ ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰা পৰীক্ষাৰ পূৰ্বেই এটা প্ৰশ্ন কাকতৰ টোপোলা হেৰাইছিল।