মাষ্টাৰ চেফ ইণ্ডিয়া ২০২৩’ত তিনিচুকীয়াৰ নয়নজ্যোতিয়ে অৰ্জন কৰিলে বিজয়ীৰ খিতাপ

নিউজ ডেস্ক, ১৪ মাৰ্চঃ ‘Master Chef India’ৰ খিতাপ দখল কৰিব নেকি অসমৰ নয়নজ্যোতি শইকীয়াই? ফাইনেলৰ পূৰ্বেই ছচিয়েল মিডিয়াত প্ৰকাশ পোৱা ফটোত ট্ৰফীৰ সৈতে দেখা গৈছে নয়নজ্যোতি শইকীয়াক।

তিনিচুকীয়াৰ ২৬ বছৰীয়া যুৱকজনে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অংশগ্ৰহণ কৰিছিল মাষ্টাৰচেফত । পূৰ্বতে ৰন্ধনৰ কোনো আনুষ্ঠানিক শিক্ষা নথকাকৈয়ো সকলোৰে মন মুহিবলৈ সক্ষম হৈছিল নয়নজ্যোতিয়ে ।

কিন্তু আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই মাষ্টাৰচেফৰ কোনো এক অনুৰাগীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো । ফটোখনত নয়নজ্যোতিক মাষ্টাৰচেফ ইণ্ডিয়াৰ ট্ৰ’ফীটোৰ সৈতে দেখা গৈছিল ।

উল্লেখ্য যে, বৰ্তমানলৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই মাষ্টাৰচেফ ইণ্ডিয়া, ২০২৩ ৰ বিজেতাৰ নাম ।

AssamAssamese NewsDaily time axomIndiaLeaked PhotoMasterChef IndiaNayanjyoti SaikiaWin
Comments (0)
Add Comment