নিউজ ডেস্ক, ১৪ মাৰ্চঃ বিজ্ঞানৰ পাছত এইবাৰ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ। সংবাদ মাধ্যমৰ আগত এগৰাকী মেট্ৰিকৰ ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি৷ পৰীক্ষাৰ তিনিদিন পূৰ্বেই লাভ কৰিছিল গণিতৰ প্ৰশ্নকাকত৷ PARENT’S নামৰ WhatsApp গ্ৰুপত গণিতৰ প্ৰশ্নকাকত আহিছিল বুলি মন্তব্য কৰে ছাত্ৰগৰাকীয়ে৷ ছাত্ৰসকলে লাভ কৰা প্ৰশ্নকাকতৰ পৰা ৪৫ নম্বৰৰ প্ৰশ্ন আহিছিল মূল কাকতত৷
ধেমাজিৰ জোৰকটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল এই ঘটনা। নকল কৰি বহিষ্কাৰ হৈছিল এজন পৰীক্ষাৰ্থী।