আগন্তুক ৩-৪ দিনলৈ ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত, ধুমুহা

নিউজ ডেস্ক, ১৫ মাৰ্চঃ আগন্তুক ৩-৪ দিনলৈ হ’ব ৰাজ্যত ধাৰাসাৰ বৰষুণ। এই তথ্য দিছে বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে । ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ৰাজ্যত প্ৰচুৰ বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাত,শিল বৰষুণ অহাৰ সম্ভাৱণা আছে।

এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান অনুসৰি আজি ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ লগতে ধুমুহা, ঢেৰেকনি, শিল বৰষুণ অহাৰ সম্ভাৱনা আছে।আনহাতে আন কেইদিনত কিছু ঠাইত প্ৰৱল বৃষ্টিপাতৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে।

AssamAssamese NewsDaily time axomGuwahatiHeavy Rain FallIndiaMeteorological CentreNorth East
Comments (0)
Add Comment