নিউজ ডেস্ক, ১৫ মাৰ্চঃ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত বৰ্তমানলৈকে ১৪জনক গ্ৰেপ্তাৰ । ছল্ট ব্ৰুক একাডেমীৰ ৬জনক গ্ৰেপ্তাৰ। তিনিচুকীয়াৰ পৰা ২ ছাত্ৰসহ ৪জনক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ ৩জনক। ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে।
আটাইকেইজনকে CIDৰ কাৰ্যালয়ত সোধা-পোছা কৰিব। সোধা-পোছাৰ পিছত হাজিৰ কৰোৱা হ’ব আদালতত। লখিমপুৰত আটক হোৱা সাতজন ছাত্ৰৰ পাঁচজনক নিশাই অনা হয় গুৱাহাটীলৈ।