নিউজ ডেস্ক, ১৫ মাৰ্চঃ ছুইজাৰলেণ্ডৰ আইকিউ এয়াৰ নামৰ প্ৰতিষ্ঠানটোৱে বিশ্ব বায়ুৰ গুণাগুণ শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছে। ইয়াত ভাৰতক বিশ্বৰ অষ্টম প্ৰদূষিত দেশ হিচাপে অভিহিত কৰা হৈছে।
বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত ৫০ খন চহৰৰ ভিতৰত ৩৯ খন চহৰ ভাৰততে আছে। এই তথ্য বিশ্বৰ ১৩১ খন ৰাষ্ট্ৰৰ ৭,৩০০ খন চহৰত কৰা প্ৰদূষণৰ জৰীপত প্রকাশ পাইছে। এই ৩৯ খন প্ৰদূষিত চহৰৰ ভিতৰত অসমৰ গুৱাহাটী অন্যতম।
এই প্ৰতিবেদনত চাডক বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশ বুলি অভিহিত কৰা হৈছে। ইয়াৰ পিছত আছে ইৰাক, পাকিস্তান, বাহৰেইন আৰু বাংলাদেশ। আনহাতে গুৱাম বিশ্বৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ জলবায়ুৰ দেশ। বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰ পাকিস্তানৰ লাহোৰ, দ্বিতীয় স্থানত আছে চীনৰ হোটান।
সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত তৃতীয় আৰু চতুৰ্থ স্থানত আছে ৰাজস্থানৰ ভীৱাৰী আৰু দিল্লী। শীৰ্ষ ২০ খন প্ৰদূষিত চহৰৰ তালিকাত ভাৰতৰ আছে ১৪খন চহৰ।