নলবাৰী মেডিকেল কলেজলৈ স্বীকৃতি, ৰাষ্ট্রীয় মেডিকেল আয়োগে জনালে অনুমোদন

নিউজ ডেস্ক, ১৫ মাৰ্চঃ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ। প্ৰথম পৰ্যায়ত ১০০ ছাত্ৰ-ছাত্ৰীলৈ নামভৰ্তিৰ অনুমোদন।

এই কথা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এটা বছৰত অসমত ৪ খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন এক ঐতিহাসিক পদক্ষেপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

উল্লেখ্য যে, নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৱৰ্তী দক্ষিণগাঁৱত নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা কলেজখনত কিছু দিন পূৰ্বে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এটা দল উপস্থিত হৈ সকলো দিশ তথা সা-সুবিধাসমূহ পৰিদৰ্শন কৰি গৈছিল।

AssamAssamese NewsDaily time axomHimanta Biswa SarmaIndiaNalbariNalbari Medical CollegeNational Medical Commission
Comments (0)
Add Comment