Daily Time Axom

শীঘ্ৰে ৰাজ্যত নিযুক্তি দিয়া হ’ব ৪০ হাজাৰ পদত

0 44

নিউজ ডেস্ক, ১৬ মাৰ্চঃ মে’ মাহত ৰাজ্যত হ’ব ৪০ হাজাৰ নিযুক্তি। ১ লাখ নিযুক্তি সম্পন্ন কৰাৰ দিশে হিমন্ত চৰকাৰ। এই কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা অজন্তা নেওগে কয় যে, এতিয়ালৈ ৪১ হাজাৰৰো অধিক পদত নিযুক্তি প্ৰদান কৰিছে চৰকাৰে।

অহা ১০ৰ পৰা ২০ মে’ৰ ভিতৰত ৪০ হাজাৰ পদত নিযুক্তি প্ৰদান কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। বিধানসভাত অখিল গগৈয়ে কৰা এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে এই মন্তব্য কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে।

Leave A Reply

Your email address will not be published.