Daily Time Axom

পুৱাই ৭.১ প্ৰাৱল্য়ৰ ভূমিকম্পই জোকাৰিলে নিউজিলেণ্ড

0 29

নিউজ ডেস্ক, ১৬ মাৰ্চঃ নিউজিলেণ্ডত প্ৰৱল ভূমিকম্প। বৃহস্পতিবাৰে পুৱাৰ ভাগত অনুভূত হয় ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ মাত্ৰা আছিল ৭.১। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কাৰমাডিক দ্বীপ। ১০ কিলোমিটাৰ গভীৰতালৈ অনুভূত হয় এই ভূমিকম্প। ভূমিকম্পৰ উৎসস্থলীৰ পৰা ৩০০ কিলোমিটাৰ ব্যাসাৰ্ধলৈ বিশেষ সতৰ্কতা জাৰি। ছুনামীৰ সম্ভাৱনা প্ৰকাশ কৰি প্ৰশাসনে জাৰি কৰিছে এই সতৰ্কতা।

উল্লেখ্য যে, কিছুদিন পূৰ্বে তুৰস্ক আৰু চিৰিয়াত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰছিল। পৰৱৰ্তীসময়ত ধাৰাবাহিক ভাৱে কম প্ৰাবল্যৰ আন কেইবাটাও ভূমিকম্পই দুয়োখন দেশত ভয়ংকৰ ক্ষতি সাধন কৰিছিল। ফলত এই দুয়োখন দেশত মৃতকৰ সংখ্যাই ৫০ হাজাৰৰ সীমা স্পৰ্শ কৰিছিল।

Leave A Reply

Your email address will not be published.