নিউজ ডেস্ক, ১৬ মাৰ্চঃ কামপুৰত ভয়ংকৰ ঘটনা৷ কামপুৰত খহি পৰিল নৱনিৰ্মিত কপিলী দলং৷ দলঙৰ পৰা পৰি গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক৷ আহত শ্ৰমিকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
দক্ষিণ দিশৰ ফালে ভাঙি পৰিল নিৰ্মীয়মান দলংখন। নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মাণ কৰাত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ । ঠিকদাৰ উত্তম চন্দ্ৰ নাহাতাৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ স্থানীয় লোকৰ । ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ৭০ জন শ্ৰমিকে কাম কৰি আছিল বুলি জানিব পৰা গৈছে। প্ৰায় বিশ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছিল এই দলংখন।