অসমত প্ৰথমজন H3N2 ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত

নিউজ ডেস্ক, ১৬ মাৰ্চঃ ক’ৰণা ভাইৰাছৰ পিছত আকৌ এক নতুন ভাইৰাছ। এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়াৰে পৰা সাৱধানতা অৱলম্বন কৰা হৈছে।

ইয়াৰ মাজতে অসমতো ওলাইছে এই ভাইৰাছত আক্ৰান্ত ৰোগী। বুধবাৰে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিত শৰ্মাই এই বিষয়ে সদৰী কৰি সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

অসমত প্ৰথমজন H3N2 ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত কৰা হৈছে। স্বাস্থ্য বিভাগে সদৰী কৰিছে এই তথ্য। H3N2ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম ৰাজ্যৰ স্বাস্থ্য বিভাগ। সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান স্বাস্থ্য বিভাগৰ।

AssamAssamese NewsDaily time axomGMCHGuwahatiH3N2India
Comments (0)
Add Comment