ভাল খবৰঃ HSত প্ৰথম বিভাগত উত্তীৰ্ণই পাব স্কুটী, নৱম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্তক প্ৰদান কৰা হ’ব TABLET

নিউজ ডেস্ক, ১৬ মাৰ্চঃ ৰাজ্যৰ শিক্ষাৰ্থীসকললৈ ভাল খবৰ। আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট।

আজি দাখিল কৰা বাজেটত শিক্ষাখণ্ডলৈও কেইবাটাও সিদ্ধান্ত লেৱা হৈছে। HSত প্ৰথম বিভাগত উত্তীৰ্ণই পাব স্কুটী। নৱম শ্ৰেণীত একেৰাহে প্ৰথম হোৱা ছাত্ৰই এটাকৈ টেবলেট লাভ কৰিব। সাধাৰণ স্নাতকোত্তৰ শিক্ষাৰ্থীলৈ যাতায়াতী অনুদান ৰূপে ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

ৰাজ্যৰ ৮ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব। লগতে দৰিদ্ৰ সীমাৰেখা তলৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ মাচুল ৰেহাই দিয়া হৈছে।ৰাজ্যত নতুনকৈ ৮ খন পলিটেকনিক নিৰ্মাণৰ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

Ajanta NeogAssamAssam BudgetAssamese NewsDaily time axomGuwahatiHimanta Biswa SarmaIndia
Comments (0)
Add Comment