১ এপ্ৰিলত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষাৰ অসমীয়া তথা সকলো মাতৃভাষা বিষয়ক পৰীক্ষা

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ১ এপ্ৰিলত অনুষ্ঠিত হ’ব বাতিল হোৱা মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছিল অসমীয়া বিষয়কে ধৰি মাতৃভাষাৰ সকলো পৰীক্ষা। শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে টুইটযোগে সদৰী কৰিলে এই তথ্য।

ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে সদৰী কৰা মতে, ১ এপ্ৰিল,২০২৩ ৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব অসমীয়া তথা আন মাতৃভাষা বিষয়ক পৰীক্ষা।

উল্লেখ্য যে, প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হৈছিল মাতৃভাষা বিষয়ক সকলো পৰীক্ষা। বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰিছিল এই কথা।

AssamAssamese NewsDaily time axomGuwahatiHimanta Biswa SarmaHSLC ExamIndiaPaper LeakRanoj Pegu
Comments (0)
Add Comment