বাতিল হ’ল মেট্ৰিকৰ অসমীয়া পৰীক্ষাও, টুইটযোগে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

নিউজ ডেস্ক, ১৭ মাৰ্চঃ বাতিল হ’ল মেট্ৰিকৰ অসমীয়া পৰীক্ষাও। এই কথা টুইটযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোহিত খাবলু কেন্দ্ৰৰ ইনচাৰ্জক সোধাপোছাত অসমীয়া প্ৰশ্নকাকত ফাদিল হোৱাৰো তথ্য। ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমীয়াৰ পৰীক্ষাৰ দিন পুনৰ নিৰ্ধাৰণ কৰিবলৈ ছেবাক পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীয়ে।

আৰক্ষীৰ জেৰাত ফাদিল হৈছে বহু বিস্ফোৰক তথ্য।জেৰাত মুখ খুলিছে শিক্ষক প্রণৱ দত্তই। আজি লখিমপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল প্রণৱ দত্তক। জেৰাত সদৰী হৈছে প্রশ্নকাকত ফাদিলৰ তথ্য।

আনহাতে আজি প্ৰকাশ পাব বাতিল হোৱা মেট্ৰিকৰ অসমীয়া বিষয়কে ধৰি মাতৃভাষাৰ সকলো পৰীক্ষাৰ নতুন সূচী। টুইটাৰযোগে স্পষ্টকৈ ঘোষণা কৰিলে শিক্ষা মন্ত্ৰীৰ ডাঃ ৰণোজ পেগুৱে।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndiaRanoj PeguSEBA
Comments (0)
Add Comment