নিউজ ডেস্ক, ১৭ মাৰ্চঃ জুৱা খেলি আৰক্ষীৰ জালত পৰিল প্ৰাক্তন বিধায়ক। আৰক্ষীৰ জালত পৰিল নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক নৰেণ সোণোৱাল। ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা আটক কৰে ৭জনকৈ জুৱাৰীক। ৭ জুৱাৰীৰ মাজত অন্যতম আছিল নৰেণ সোণোৱাল। ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই আটক কৰে জুৱাৰীৰ দলটোক।